আপুনিও গাড়ীত AC অন কৰিলে অসুবিধা পায় নেকি? যদি পায় তেন্তে এই উপায় আপোনাৰ বাবে

আজিকালি গাড়ী মানেই AC। কিন্তু বহুতে কয় – গাড়ীত AC অন কৰিলেই মূৰৰ বিষ, চৰ্দি, ডিঙিৰ বিষ, ছাল শুকাই যোৱা বা ভাগৰ লগা অনুভৱ হয়। আপুনিও যদি ACত বহিলেই অসুস্থ অনুভৱ কৰে, তেন্তে ইয়াৰ কাৰণ আপোনাৰ গাড়ীৰ AC হ’ব পাৰে, আপুনি নহয়।

গাড়ীৰ ACত অসুবিধা হোৱাৰ ৪টা ডাঙৰ কাৰণ:

১. লেতেৰা কেবিন ফিল্টাৰ:এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ। ফিল্টাৰত ধূলি, বেক্টেৰিয়া, ভেঁকুৰ জমা হৈ থাকে। যেতিয়া AC অন কৰে, সেই লেতেৰা বতাহ পোনে পোনে আপোনাৰ নাকত সোমায়। যাৰ ফলত এলার্জি, হাঁচি, চৰ্দি হয়।

২. তাপমাত্ৰাৰ তাৰতম্য:বাহিৰত ৪০ ডিগ্ৰী আৰু ভিতৰত ১৮ ডিগ্ৰী। এই ২২ ডিগ্ৰীৰ পাৰ্থক্যৰ বাবে শৰীৰে Shock খায়। ইয়াক Thermal Shock বোলে। ইয়াৰ পৰাই মূৰৰ বিষ আৰু চৰ্দি হয়।

৩. অক্সিজেন কমি যোৱা:বহু সময় ধৰি গাড়ীৰ খিৰিকী বন্ধ কৰি AC চলালে ভিতৰত CO2 বাঢ়ি যায় আৰু অক্সিজেন কমি যায়। তেতিয়া টোপনি টোপনি ভাৱ আৰু মূৰ ঘূৰোৱা হয়।

৪. শৰীৰত পানীৰ অভাৱ:ACএ বতাহৰ পৰা আৰ্দ্ৰতা শুহি লয়। ফলত আপোনাৰ ছাল, চকু, ডিঙি শুকাই যায়। পানী কম খালে বেছি অসুবিধা হয়।

সুস্থ হৈ থাকিবলৈ ৫টা সোণালী নিয়ম:

১. ২২-২৪ ডিগ্ৰী Rule মানক:গাড়ীৰ AC সদায় ২২ৰ পৰা ২৪ ডিগ্ৰীত ৰাখক। বাহিৰৰ তাপমাত্ৰাতকৈ ৫-৬ ডিগ্ৰী কম ৰখাটোৱে Best।

২. প্ৰতি ৩ মাহত ফিল্টাৰ বদলাওক:বছৰত এবাৰ নহয়, ধূলিৰ বাবে প্ৰতি ৩-৪ মাহত Cabin Filter সলনি কৰক। Anti-bacterial ফিল্টাৰ লগাব পাৰিলে আৰু ভাল।

৩. Auto Mode আৰু Fresh Air Mode:সদায় Recirculation Modeত চলাই নাথাকিব। মাজে মাজে Fresh Air Mode অন কৰক যাতে বাহিৰৰ সতেজ বতাহ ভিতৰলৈ আহে। ১ ঘণ্টাৰ মূৰে মূৰে ৩০ ছেকেণ্ড খিৰিকী খুলি দিয়ক।

৪. ACৰ বতাহ মুখত নলব:ACৰ ভেণ্ট কেতিয়াও পোনে পোনে মুখত দি নাৰাখিব। ওপৰফালে বা ছাদৰ ফালে কৰি ৰাখক যাতে ঠাণ্ডা সমানে বিয়পে।

৫. গাড়ীৰ পৰা নমাৰ আগতে AC বন্ধ কৰক:গন্তব্য স্থান পোৱাৰ ৫ মিনিট আগতে AC বন্ধ কৰি ফেন চলাই ৰাখক। শৰীৰে বাহিৰৰ তাপমাত্ৰাৰ লগত adjust কৰিবলৈ সময় পাব আৰু ওলাই যোৱাৰ লগে লগে গৰম নালাগিব।

লগতে গাড়ীত সদায় পানীৰ বটল ৰাখক আৰু ACৰ লগত হালকা জেকেট এটা ৰাখিলে ঠাণ্ডা বেছি লাগিলে ব্যৱহাৰ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *