অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ নিথৰ দেহ, বিশাখাপট্টনমৰ পৰা আহি থাকোতেই নিৰুদ্দেশ

Screenshot

সন্ধান ওলাল হিমাশ্ৰী বড়োৰ, অন্ধ্ৰপ্ৰদেশত ৰে’লপথৰ দাঁতিত উদ্ধাৰ নিথৰ দেহ

অৱশেষত সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা যুৱতী হিমাশ্ৰী বড়োৰ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰত ৰে’লপথৰ দাঁতিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ নিথৰ দেহ। মৃত যুৱতীগৰাকী গুৱাহাটীৰ চপাইডাঙৰ নিবাসী হিমাশ্ৰী বড়ো বুলি চিনাক্ত কৰা হৈছে।

ৰে’ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে।

জানিব পৰা মতে, অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা ৰে’লেৰে গুৱাহাটীলৈ আহি থকা অৱস্থাতে নিৰুদ্দেশ হৈছিল হিমাশ্ৰী। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও সন্ধান নোপোৱাত পানীখাইতি আৰক্ষী চকী আৰু ৰে’ল আৰক্ষীক বিষয়টো অৱগত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *