মাছৰুম (Mushroom)খোৱাৰ ৭টা চমৎকাৰী উপকাৰিতা – জানিলে আজিয়েই খাবলৈ ল’ব!

বহুতে মাছৰুমক ভয় কৰে, কিন্তু আচলতে ই হৈছে পুষ্টিৰ এক বিশাল ভাণ্ডাৰ। অধিক প্ৰ’টিন পোৱা যায় বাবে ইয়াক গৰীৱৰ মাংস বুলিও কোৱা হয়। নিৰামিষভোজী সকলৰ বাবে ই মাংসৰ এক উত্তম বিকল্প।

মাছৰুমৰ ৭ টা আচৰিত উপকাৰিতা

১. হাড় শক্তিশালী কৰে:
মাছৰুম হৈছে Vitamin D ৰ প্ৰাকৃতিক উৎস। আজিকালি বহু লোকৰ শৰীৰত Vitamin D ৰ অভাৱ দেখা যায়। মাছৰুমে হাড় আৰু দাঁত মজবুত কৰে আৰু বৃদ্ধ বয়সত হাড়ৰ ক্ষয় ৰোধ কৰে।

২. ওজন কমোৱাত সহায়ক:
যিসকলে ডায়েট কৰি আছে তেওঁলোকৰ বাবে মাছৰুম Best খাদ্য। ইয়াত কেলৰিৰ পৰিমাণ অতি কম, কিন্তু প্ৰ’টিন আৰু ফাইবাৰ বেছি থাকে। ফলত পেট ভৰি থাকে আৰু ওজন নিয়ন্ত্ৰণত থাকে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই:
ইয়াত থকা Selenium, Antioxidant আৰু Vitamin C এ শৰীৰৰ Immunity System শক্তিশালী কৰে। নিয়মীয়াকৈ মাছৰুম খালে সৰ্দি-কাহ, ভাইৰেল জ্বৰৰ পৰা বচি থাকিব পাৰি।

৪. ডায়েবেটিছ নিয়ন্ত্ৰণ:
মাছৰুমে তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে। ইয়াত Natural Insulin আৰু কম শৰ্কৰা থাকে, যি ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী।

৫. হাৰ্টৰ বাবে ভাল:
ইয়াত কলেষ্টেৰল একেবাৰে নাই আৰু Sodium ৰ পৰিমাণো কম। লগতে Potassium থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগৰ সম্ভাৱনা কমাই।

৬. তেজৰ অভাৱ দূৰ কৰে:
মাছৰুমত Iron আৰু Copper প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ৰক্তহীনতা (Anemia) দূৰ কৰে আৰু শৰীৰত নতুন ৰক্ত কণিকা গঠনত সহায় কৰে।

৭. ছাল আৰু চুলিৰ বাবে:
ইয়াত থকা Biotin, Vitamin B আৰু Antioxidant এ ছাল উজ্জ্বল কৰে, ব্ৰণ কমাই আৰু চুলি সৰা ৰোধ কৰি চুলি ঘন কৰে।

কেনেকৈ খাব আৰু সাৱধানতা:
সদায় বজাৰৰ পৰা ভাল জাতৰ Button Mushroom বা Oyster Mushroom হে কিনিব। জংঘলৰ পৰা নিজে চিঙি অনা বনৰীয়া মাছৰুম কেতিয়াও নাখাব, কাৰণ বিষাক্ত হ’ব পাৰে। ভালদৰে ধুই, সিজাইহে খাব।

যদি আপুনি পুষ্টিকৰ খাদ্য বিচাৰিছে, তেন্তে আজিৰ পৰাই আপোনাৰ খাদ্য তালিকাত মাছৰুম যোগ কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *